Sumi Borah-Tarkik Borah: নেপালৰ ক’ত আত্মগোপন কৰি আছে চুমি-তাৰ্কিকে? বিচাৰি যাব অসম আৰক্ষীয়ে!
বহুলোকৰ টকা আত্মসাৎ কৰি বিলাসী জীৱন কটোৱা প্ৰৱঞ্চক দম্পতী এতিয়াও পলাতক। ডেষ্টিনেচন ৱেডিং পতা চুমি-তাৰ্কিক অসম এৰি নেপালত কৰিছে ডেষ্টিনেচন পলায়ন। হিমালয়ৰ পাদদেশত থাকি মনোমোহা প্ৰাকৃতিক সৌন্দৰ্য উপভোগ কৰি আছে চতুৰ চুমি আৰু তাৰ্কিকে।
নেপাললৈ যাব অসমৰ স্মাৰ্ট আৰক্ষী। আৰক্ষীয়ে ধৰি বান্ধি আনিব চুমিহঁতক। N.... ৰ বাতৰিৰ পিছতে গা লৰিছে অসম আৰক্ষীৰ। খবৰ অনুসৰি চুবুৰীয়া নেপালতে আত্মগোপন কৰি চতুৰ চুমি আৰু স্বামী তাৰ্কিক বৰাই।
গুৱাহাটী এৰি ৪ দিন পূৰ্বে নেপাললৈ পলাই গৈছে চুমি আৰু তাৰ্কিক বৰা। N.... অসম নৰ্থ ইষ্টে সোমবাৰে সন্ধিয়া ৫ বজাত ব্ৰেক কৰিছিল এই খবৰ। তাৰ পিছতে পলাই থকা চুমি-তাৰ্কিক ধৰিবলৈ উঠি পৰি লাগিছে অসম আৰক্ষী।
বহুলোকৰ টকা আত্মসাৎ কৰি বিলাসী জীৱন কটোৱা প্ৰৱঞ্চক দম্পতী এতিয়াও পলাতক। ডেষ্টিনেচন ৱেডিং পতা চুমি-তাৰ্কিক অসম এৰি নেপালত কৰিছে ডেষ্টিনেচন পলায়ন। হিমালয়ৰ পাদদেশত থাকি মনোমোহা প্ৰাকৃতিক সৌন্দৰ্য উপভোগ কৰি আছে চতুৰ চুমি আৰু তাৰ্কিকে।
খবৰ অনুসৰি চুমি-তাৰ্কিকে ৰচনা কৰিছে পৰৱৰ্তী পৰিকল্পনা। শিলিগুৰি হৈ কাকৰভিটাৰে নেপালত প্ৰৱেশ কৰাৰ তথ্য ইতিমধ্যে লাভ কৰিছে আৰক্ষীয়ে।কে।
জানিব পৰা অনুসৰি গুৱাহাটীৰ পৰা ৰাওনা হোৱা দলটোত থাকিব ধুবুৰী আৰক্ষীও। ক’লা ফৰ্চুনাৰ বাহনত উঠি নেপালত থাকি দুয়ো সুৰক্ষিত অনুভৱৰ লক্ষ্য। দুয়ো কাকৰভিটা গেটৰ এমাহ নেপালত থকাৰ বিনিময়ত দিছিল ৭ হাজাৰ টকা।
ইফালে, চুমি-তাৰ্কিকৰ দৰেই ৰীল ৰাণী চুমিৰ ককায়েক ৰাজীৱ বৰা আৰু বৌয়েক জিংকি মিলিৰো সন্ধান নাই। দিন বাগৰি এটা সপ্তাহে উকলি গ’ল, আৰক্ষীয়ে ধৰিব নোৱাৰিলে চতুৰ চালাক চুমিহঁতক। পিছে এইবাৰ বিদেশী আৰক্ষীৰ সহযোগত নেপাল লৈ গৈ ৱাণ্টেত বুলি ঘোষণা কৰা চুমিহঁতক আৰক্ষীয়ে ধৰিব পাৰিব নে?
0 Comments